ঘোষা॥ কৰিয়ো হৰিৰ চৰণে ৰতি৷ কলিত হৰিৰ নামেসে গতি॥ ১
ghōṣā॥ kariẏō harira caraṇē rati৷ kalita harira nāmēsē gati॥ 1
নাম-অপৰাধ · নাম-অপৰাধ
nāma-aparādha
Original Assamese verses and refrains, with generated ISO 15919 transliteration.
40 versesAssamese with transliteration
ঘোষা॥ কৰিয়ো হৰিৰ চৰণে ৰতি৷ কলিত হৰিৰ নামেসে গতি॥ ১
ghōṣā॥ kariẏō harira caraṇē rati৷ kalita harira nāmēsē gati॥ 1
পদ॥ পদ্ম-পুৰাণৰ স্বৰ্গ-খণ্ডত। নিৰূপি আছে কলি-ধৰ্ম্ম যত॥ তাক শুনা আৱে একান্ত চিতে। যাৰ ইচ্ছা আছে ভৱ তৰিতে॥ ১
pada॥ padma-purāṇara sbarga-khaṇḍata। nirūpi āchē kali-dharmma yata॥ tāka śunā āvē ēkānta citē। yāra icchā āchē bhava taritē॥ 1
আছে চাৰি সিদ্ধ জ্ঞানী পৰম। ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম॥ তাসম্বাক পায়া নাৰদ ঋষি। পুছিলা সংশয় কথা হৰিষি॥ ২
āchē cāri siddha jñānī parama। brahmāra cāriō putra prathama॥ tāsambāka pāẏā nārada r̥ṣi। puchilā saṃśaẏa kathā hariṣi॥ 2
ঈশ্বৰ ভগৱন্ত কৃপাময়। কহিছা যিটো মহা পাপচয়॥ কেনমতে হোৱে বিনাশ তাৰ। কলিত কোন পুণ্যে পাই পাৰ॥ ৩
īśbara bhagavanta kr̥pāmaẏa। kahichā yiṭō mahā pāpacaẏa॥ kēnamatē hōvē bināśa tāra। kalita kōna puṇyē pāi pāra॥ 3
কহিয়া ছেদিয়ো সংশয় যত। চাৰিও তোৰা মহাভাগৱত॥ শুনিয়া সনতকুমাৰ মুনি। দিলন্ত উত্তৰ মনত গুণি॥ ৪
kahiẏā chēdiẏō saṃśaẏa yata। cāriō tōrā mahābhāgavata॥ śuniẏā sanatakumāra muni। dilanta uttara manata guṇi॥ 4
গোৱিন্দৰ প্ৰিয় নাৰদ শুনা। ভাগৱত ধৰ্ম্ম আপুনি জানা॥ হৌক মোক্ষ বুলি সৱে লোকৰ। কৰিলা প্ৰশ্ন সংসাৰত সাৰ॥ ৫
gōvindara priẏa nārada śunā। bhāgavata dharmma āpuni jānā॥ hauka mōkṣa buli savē lōkara। karilā praśna saṃsārata sāra॥ 5
যেনমতে পাৱে সংসাৰত-পাৰ। শুনা সাৱধানে উত্তৰ তাৰ॥ সদায়ে এড়িল আচাৰ-ধৰ্ম্ম। নভৈল যাৰ কিছো জাত-কৰ্ম্ম॥ ৬
yēnamatē pāvē saṃsārata-pāra। śunā sāvadhānē uttara tāra॥ sadāẏē ēṛila ācāra-dharmma। nabhaila yāra kichō jāta-karmma॥ 6
শঠ-বুদ্ধি যিটো জগতে বঞ্চে। দম্ভ-অহঙ্কাৰ সদা নুগুচে॥ সুৰা পানি চাটু কৰে চাণ্ডাল। নিষ্ঠুৰ বাক্য বোলে সৰ্ব্বকাল॥ ৭
śaṭha-buddhi yiṭō jagatē bañcē। dambha-ahaṅkāra sadā nugucē॥ surā pāni cāṭu karē cāṇḍāla। niṣṭhura bākya bōlē sarbbakāla॥ 7
পুত্ৰ দাৰা ধন আতেসে ৰতি। সৱাতো অধম যি পাপ-মতি॥ সিসৱো পাপত হোৱে তৰণ। যদি হৰি-পদে লৱে শৰণ॥ ৮
putra dārā dhana ātēsē rati। savātō adhama yi pāpa-mati॥ sisavō pāpata hōvē taraṇa। yadi hari-padē lavē śaraṇa॥ 8
দেৱতো উত্তম কৰুণাকৰ। মুকুতি পাৱে যাত চৰাচৰ॥ যিটো থাকে তান দ্ৰোহ আচৰি। ভজিলে, তাকো নিস্তাৰন্ত হৰি॥ ৯
dēvatō uttama karuṇākara। mukuti pāvē yāta carācara॥ yiṭō thākē tāna drōha ācari। bhajilē, tākō nistāranta hari॥ 9
যিটো মন্দমতি অধম নৰে। হৰিৰো মহা-অপৰাধ কৰে॥ নামত শৰণ লৱে বাৰেক। নামে হৰে তাৰ সৱে পাতেক॥ ১০
yiṭō mandamati adhama narē। harirō mahā-aparādha karē॥ nāmata śaraṇa lavē bārēka। nāmē harē tāra savē pātēka॥ 10
সুহৃদ হৰি-নাম সমস্তৰে। তাৰো অপৰাধ যি নৰে কৰে॥ তাহাৰ ৰক্ষাৰ নাহি উপায়। অৱশ্যে সিটো অধোগতি যায়॥১১
suhr̥da hari-nāma samastarē। tārō aparādha yi narē karē॥ tāhāra rakṣāra nāhi upāẏa। avaśyē siṭō adhōgati yāẏa॥11
হৰিও ৰাখিবে নৱাৰে তাক। শুনিয়া নাৰদে বুলিলা বাক॥ নামৰ কোন অপৰাধগণ। লোকৰ যিটো পুণ্য কৰে ছন॥ ১২
hariō rākhibē navārē tāka। śuniẏā nāradē bulilā bāka॥ nāmara kōna aparādhagaṇa। lōkara yiṭō puṇya karē chana॥ 12
পাপক সঞ্চি যায় অধোগতি। কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি॥ শুনি মুনি বাক্য বুলিলা তথা। পুছিলা পৰম ৰহস্য-কথা। ১৩
pāpaka sañci yāẏa adhōgati। kahiẏō nāmara drōha samprati॥ śuni muni bākya bulilā tathā। puchilā parama rahasya-kathā। 13
পূৰ্ব্বত কহিলা মোত শঙ্কৰে। প্ৰকাশিবো আক তোমাৰ তৰে॥ শুনা যেন যেন দ্ৰোহ নামৰ। হৰি হৰি বোলা সমস্ত নৰ॥ ১৪
pūrbbata kahilā mōta śaṅkarē। prakāśibō āka tōmāra tarē॥ śunā yēna yēna drōha nāmara। hari hari bōlā samasta nara॥ 14
ঘোষা॥ ঘুষিয়ো হৰি হৃদি ৰূপ ধৰি। নাহি আন পুণ্য নামক সৰি৷ ২
ghōṣā॥ ghuṣiẏō hari hr̥di rūpa dhari। nāhi āna puṇya nāmaka sari৷ 2
পদ॥ ভকতক নিন্দা কৰে অধম। জানিব নামৰ দ্ৰোহী পৰম। যাত হন্তে ভৈল নামৰ খ্যাতি। তাৰ কি নিন্দা নামে সহে আতি। ১৫
pada॥ bhakataka nindā karē adhama। jāniba nāmara drōhī parama। yāta hantē bhaila nāmara khyāti। tāra ki nindā nāmē sahē āti। 15
গুণ-নাম যত বিষ্ণু শিৱৰ। তাক ভিন্ন-বুদ্ধি কৰে যি নৰ। নামৰ সিও মহা-অপৰাধী। নৰকত পৰে দৈৱে নবাধি॥ ১৬
guṇa-nāma yata biṣṇu śivara। tāka bhinna-buddhi karē yi nara। nāmara siō mahā-aparādhī। narakata parē daivē nabādhi॥ 16
যিটো পাপী কৰে গুৰুক হেলা। বেদকো নিলে যদি কোনো বেলা॥ নামৰ ইও দুয়ো অপৰাধ। ভুঞ্জিবে যাতনা নাহিকে বাধ॥ ১৭
yiṭō pāpī karē guruka hēlā। bēdakō nilē yadi kōnō bēlā॥ nāmara iō duẏō aparādha। bhuñjibē yātanā nāhikē bādha॥ 17
হৰিৰ নামে কল্পে অর্থবাদ। নামৰ মহিমা কৰে উছাদ॥ সিজনো নামৰ দ্রোহী পৰম। নৰকে পচে নাহি তাৰ জন্ম॥ ১৮
harira nāmē kalpē arthabāda। nāmara mahimā karē uchāda॥ sijanō nāmara drōhī parama। narakē pacē nāhi tāra janma॥ 18
নামত বলে কৰে পাপ-বুদ্ধি। অষ্টাঙ্গ-যোগে তাৰ নাহি শুদ্ধি॥ নাম-অপৰাধী সিও পৰম। ভুঞ্জিবে যাতনা অনেক জন্ম॥ ১৯
nāmata balē karē pāpa-buddhi। aṣṭāṅga-yōgē tāra nāhi śuddhi॥ nāma-aparādhī siō parama। bhuñjibē yātanā anēka janma॥ 19
ধৰ্ম্ম হোম ব্ৰত তীর্থত স্নান। যতেক আছে মহাযজ্ঞ দান॥ আকেয়েৰে কৰে নামক সৰি। কতনো যাতনা ভুঞ্জিবে মৰি॥ ২০
dharmma hōma brata tīrthata snāna। yatēka āchē mahāyajña dāna॥ ākēẏērē karē nāmaka sari। katanō yātanā bhuñjibē mari॥ 20
নামক কীৰ্ত্তন কৰন্তে আনে। আনমন কৰি নুশুনে কাণে॥ অধক যাই সিও হোৱে কলা। বাইবে কাণত তপত শলা॥ ২১
nāmaka kīrttana karantē ānē। ānamana kari nuśunē kāṇē॥ adhaka yāi siō hōvē kalā। bāibē kāṇata tapata śalā॥ 21
নাহিকে শ্রদ্ধা নপাতৈ কাণ। তাক যিটো দেয় নামক দান॥ নামৰ দ্রোহী নাহি তাত পৰে। ভুঞ্জাইবে যাতনা যম-কিঙ্কৰে॥ ২২
nāhikē śraddhā napātai kāṇa। tāka yiṭō dēẏa nāmaka dāna॥ nāmara drōhī nāhi tāta parē। bhuñjāibē yātanā yama-kiṅkarē॥ 22
শুনিয়া নামৰ মহিমা নিতি। তথাপি নামত নকৰে প্রীতি॥ নামৰ দ্রোহী সিও অহঙ্কাৰী। ভুঞ্জিবেক কাকে জিহ্বা উভাৰি॥ ২৩
śuniẏā nāmara mahimā niti। tathāpi nāmata nakarē prīti॥ nāmara drōhī siō ahaṅkārī। bhuñjibēka kākē jihbā ubhāri॥ 23
এহি দশ অপৰাধী নামৰ । আমাত কৃপায়ে কহিলা হৰ॥ পূৰ্ব্বত সমস্ত মুনিৰ আগে। তোমাত এবে কৈলে অনুৰাগে॥ ২৪
ēhi daśa aparādhī nāmara । āmāta kr̥pāẏē kahilā hara॥ pūrbbata samasta munira āgē। tōmāta ēbē kailē anurāgē॥ 24
নামৰ দ্রোহ নেৰে যিটো জানি। পাপত পচে সিও মন্দ প্রাণী॥ মাতৃক ক্রোধে ত্যজি যেন অন্ন। দুঃখ মাত্র পাৱে বালকগণ॥ ২৫
nāmara drōha nērē yiṭō jāni। pāpata pacē siō manda prāṇī॥ mātr̥ka krōdhē tyaji yēna anna। duḥkha mātra pāvē bālakagaṇa॥ 25
এৰিয়া অপৰাধ দেৱ-ঋষি। নামত যতন কৰা হৰিষি॥ নামেসে কৰিৰে পৰম সিদ্ধি। হৰিৰ নাম জগতৰে নিধি॥ ২৬
ēriẏā aparādha dēva-r̥ṣi। nāmata yatana karā hariṣi॥ nāmēsē karirē parama siddhi। harira nāma jagatarē nidhi॥ 26
পুছিলা নাৰদ ঋষি দুনাই। যাহাৰ বিজ্ঞান বৈৰাগ্য নাই॥ সদায় মজি আছে বিষয়তে। এৰাইবে নামৰ দ্ৰোহ কিমতে॥ ২৭
puchilā nārada r̥ṣi dunāi। yāhāra bijñāna bairāgya nāi॥ sadāẏa maji āchē biṣaẏatē। ērāibē nāmara drōha kimatē॥ 27
সনতকুমাৰে দিলে উত্তৰ। নামৰ দ্ৰোহী যিটো পাপী নৰ॥ সততে ফুৰে হৰি-নাম গাই। তেৱেসে নামৰ দ্ৰোহ এড়াই॥ ২৮
sanatakumārē dilē uttara। nāmara drōhī yiṭō pāpī nara॥ satatē phurē hari-nāma gāi। tēvēsē nāmara drōha ēṛāi॥ 28
স্বৰূপ শুনা ঋষি উদাসীন। যিজন নাম-অপৰাধ-হীন॥ হৰিৰ তেৱে একে নামে তৰে। শুনে বা বোলে বা মনত স্মৰে॥ ২৯
sbarūpa śunā r̥ṣi udāsīna। yijana nāma-aparādha-hīna॥ harira tēvē ēkē nāmē tarē। śunē bā bōlē bā manata smarē॥ 29
কহিলা ৰহস্য মোত শঙ্কৰে। আৰু যিটো নৰে কীৰ্ত্তন কৰে॥ মুকুতি পাৱে এৰে অপৰাধ। কহিলো নাৰদ নাহিকে বাধ॥ ৩০
kahilā rahasya mōta śaṅkarē। āru yiṭō narē kīrttana karē॥ mukuti pāvē ērē aparādha। kahilō nārada nāhikē bādha॥ 30
পৰম বান্ধৱ হৰিৰ নাম। যিজনে আক লৱে অবিশ্ৰাম॥ তাৰ সাত কাৰ্য্য সাধিবে দেখা। প্ৰতি প্ৰতি লৱা সাতৰো লেখা॥ ৩১
parama bāndhava harira nāma। yijanē āka lavē abiśrāma॥ tāra sāta kāryya sādhibē dēkhā। prati prati lavā sātarō lēkhā॥ 31
প্ৰথমে দহিবে পাতক-চয়। কৰিবে মহাপুণ্য-অভ্যুদয়॥ কৰাইবে বিষয়ত বিৰকতি। কৃষ্ণত পৱাইবে প্ৰেম-ভকতি॥ ৩২
prathamē dahibē pātaka-caẏa। karibē mahāpuṇya-abhyudaẏa॥ karāibē biṣaẏata birakati। kr̥ṣṇata pavāibē prēma-bhakati॥ 32
উপজাইবে আতি বৈষ্ণৱ জ্ঞান। মায়াকো দহিয়া কৰে নিৰ্য্যাণ॥ চৈতন্য-মূৰ্ত্তি পূৰ্ণানন্দ হৰি। থৈবন্ত তেন্তেয়েৰে একে কৰি॥ ৩৩
upajāibē āti baiṣṇava jñāna। māẏākō dahiẏā karē niryyāṇa॥ caitanya-mūrtti pūrṇānanda hari। thaibanta tēntēẏērē ēkē kari॥ 33
তেৱেসে নাম হুইব উপশান্ত। কহিলো পৰম তত্ত্ব একান্ত॥ নাম বিনে নাহি কলিত গতি। কলিৰ লোক হুইবে পাপ-মতি॥ ৩৪
tēvēsē nāma huiba upaśānta। kahilō parama tattba ēkānta॥ nāma binē nāhi kalita gati। kalira lōka huibē pāpa-mati॥ 34
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ। জানিবা কলিত নামেসে সাৰ॥ কলিত সদা নুসুমৰে হৰি। হেলাত মৰে আত্মঘাত কৰি॥ ৩৫
anyatra dharmmē nāhi adhikāra। jānibā kalita nāmēsē sāra॥ kalita sadā nusumarē hari। hēlāta marē ātmaghāta kari॥ 35
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে। মনুষ্য-জন্মক নপায় সেন্থৰে॥ আকো ব্যৰ্থ কৰা কিনো অভাগী। মাণিক্যক বিকা কাঞ্চক লাগি।।৩৬
kr̥ṣṇara kiṅkarē kahē śaṅkarē। manuṣya-janmaka napāẏa sēntharē॥ ākō byartha karā kinō abhāgī। māṇikyaka bikā kāñcaka lāgi।।36
কেতিক্ষণে কিবা মিলে বিঘাত। তথাপি চেতন নাহিকে গাত॥ আজি কালি কিবা মিলে মৰণ। হৰিৰ নামত লৈয়ো শৰণ॥ ৩৭
kētikṣaṇē kibā milē bighāta। tathāpi cētana nāhikē gāta॥ āji kāli kibā milē maraṇa। harira nāmata laiẏō śaraṇa॥ 37
নকৰিবা নিন্দা মোক মহন্তে। আসিল শাস্ত্ৰ বাৰানসী হন্তে॥ তাহাঙ্ক চাই নিবন্ধিলো পদ হৰি হৰি বুলি তৰা আপদ॥ ৩৮ নাম-অপৰাধ সমাপ্ত॥২॥
nakaribā nindā mōka mahantē। āsila śāstra bārānasī hantē॥ tāhāṅka cāi nibandhilō pada hari hari buli tarā āpada॥ 38 nāma-aparādha samāpta॥2॥
Keys: ← → turn the page, J K step through the verses.
Illustration: Verse & Place (Project-owned).